ত্ৰিকোণীয়কৰণ(Triangulation) হৈছে এণ্ডগেমৰ এটা পদ্ধতি। যেতিয়া king vs. king বা pawn endgame বা তেনেধৰণৰ endgame হয়, তেতিয়া ইয়াক ব্যৱহাৰ কৰিব লাগে । আপুনি আপোনাৰ kingক এটা ত্ৰিভুজ বনাবলৈ ব্যৱহাৰ কৰে আৰু opposition লাভ কৰিবৰ বাবে নিজেই এটা টেম্পো হেৰুৱাই পেলায়।
উদাহৰণ হিচাপে, ছৱিত দিয়া পজিশ্যনত যদি ক’লাৰ মুভ হ’লহেঁতেন তেন্তে ক’লাজনে পিছলৈ যাব লাগিলহেঁতেন আৰু বগাই তেতিয়া আগলৈ গৈ প্ৰমোচন কৰাৰ সুযোগ পালেহেঁতেন । কিন্তু এতিয়া বগাৰ মুভ দিয়াৰ পাল হোৱাৰ বাবে বগাই টেম্পো হেৰুৱাব লাগিব। অধিক বিৱৰণৰ বাবে ডায়াগ্ৰাম চাওক।