যোৱা ০১ অক্টোবৰৰ পৰা ০৫ অক্টোবৰ ২০২৬ লৈকে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থাৰ উদ্যোগত হাৰিয়াণাৰ কুৰুক্ষেত্ৰত ৩৭ সংখ্যক সৰ্বভাৰতীয় ক্ৰীড়া সমাৰোহ ২০২৬ অনুষ্ঠিত হয় ।এই সমাৰোহত ভাৰতৰ আটাইকেইটা ক্ষেত্ৰৰ পৰাই ৰাজ্যিক পৰ্যায়ত নিৰ্বাচিত হোৱা ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰিছিল। সমাৰোহত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ দবা খেলত দল হিচাপে পূৰ্বোত্তৰ ক্ষেত্ৰৰ দলটিয়ে ১৪ বছৰ অনুৰ্ধ শাখাত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে ।উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যোৱা চাৰিজনীয় এই দলটিৰ সদস্য আছিল গোলাঘাট জিলাৰ খুমটাইৰ নিবাসী বিশ্বজিত বৰুবা। পিতৃ অপূৰ্ব বৰুৱা আৰু মাতৃ প্ৰাঞ্জুমনি ফুকনৰ সুযোগ্য সন্তান বিশ্বজিত শংকৰদেৱ শিশু নিকেতন,কচুপথাৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। তেখেত ‘ৰাইট মুভ চেছ একাদেমী’ৰ নিয়মীয়া শিকাৰু আৰু এজন সম্ভাৱনাসম্পন্ন দবা খেলুৱৈ। দবা একাদেমীৰ তৰফৰপৰা শ্ৰীমান বৰুৱালৈ হিয়াভৰা অভিনন্দন!